ককবৰক ভাষাঃ এটি পৰিচয়
পাতনিঃ
ককবৰক হ’ল উত্তৰ-পূব ভাৰতৰ
অংগৰাজ্য ত্ৰিপুৰাৰ অন্যতম আদিবাসী ত্ৰিপুৰী বা বৰক জাতিৰ লোকসকলৰ মাতৃভাষা। ককবৰক
ভাষাটো ঘাইকৈ ত্ৰিপুৰা ৰাজ্যতহে প্ৰচলিত। অৱশ্যে ত্ৰিপুৰাৰ লগতে মিজোৰামৰ দক্ষিণ অংশ,
অসমৰ কাছাৰ জিলাৰ উপৰিও বাংলাদেশৰ সীমামূৰীয়া পাৰ্বত্য অঞ্চলতো ককবৰক ভাষাৰ প্ৰচলন
পোৱা যায়। ত্ৰিপুৰাৰ ৰাজ্য চৰকাৰে ১৯৭৯ চনতে বাংলাৰ পাছতে দ্বিতীয় চৰকাৰী ভাষাৰূপে এই ভাষাক
স্বীকৃতি দিছে। ককবৰক শব্দটো কক্ আৰু বৰক্ এই দুটাৰ সমন্বয়ত সৃষ্টি হৈছে। কক্ মানে ‘ভাষা’ আৰু বৰক্ মানে ‘মানুহ’ অৰ্থাৎ ইয়াৰ অৰ্থ হ’ল মানুহৰ ভাষা বা বৰক জাতিৰ ভাষা বা স্বজাতিৰ
ভাষা।
ককবৰকৰ নাম প্ৰসংগঃ
ককবৰক ভাষাটোৰ নামৰ প্ৰসংগত ভিন্ন
মত পোৱা যায়। মনকৰিবলগীয়া কথাটো হ’ল যে
ভাষাচাৰ্য সুনীতি কুমাৰ চেটাৰ্জী, জৰ্জ আব্ৰাহম গ্ৰীয়েৰ্ছন, সুকুমাৰ সেন আদি
কোনোৱেই এই ভাষাটোক ককবৰক বুলি উল্লেখ কৰা নাই। ড০ চেটাৰ্জীয়ে তেওঁৰ The Origin
and Development of the Bengali Language গ্ৰন্থত ম্ৰং (mrung) বা তিপুৰা (tipura) বুলি
উল্লেখ কৰিছে।১ একেদৰে
গ্ৰীয়েৰ্ছনেও Linguistic Survey of India গ্ৰন্থত ককবৰক ভাষাটোক মুৰুং (murung) বুলিয়েই অভিহিত কৰিছে।২ আকৌ W W Hunter চাহাবে
তেওঁৰ A Statistical Account of Bengal গ্ৰন্থৰ
ষষ্ঠ খণ্ডত ককবৰক ভাষাৰ লগতে সেই ভাষিক গোষ্ঠীটোকো ম্ৰং বুলিয়েই মন্তব্য প্ৰকাশ
কৰিছে। বহুতেই আকৌ ত্ৰিপুৰাৰ নাম অনুসৰিয়েই ত্ৰিপুৰী,ত্ৰিপুৰা বা তিপ্ৰা হোৱাৰ
প্ৰতিও যুক্তি প্ৰদৰ্শন কৰে। মনকৰিবলগীয়া যে ককবৰক নামটো জনপ্ৰিয় হোৱাৰ আগতে
তিপ্ৰা নামটোৱেই বহুলভাৱে পৰিচিত আছিল। ককবৰক নামটোৰ গ্ৰহণৰ ক্ষেত্ৰত ককবৰকভাষী
পণ্ডিত ৰাধামোহন ঠাকুৰে অগ্ৰণী ভূমিকা লৈছে আৰু সম্প্ৰতি পণ্ডিত আৰু
ভাষাবিজ্ঞানীসকলে ককবৰক নামটোকেই আঁকোৱালি লোৱা দেখা গৈছে। অৰ্থাৎ ককবৰকৰ
স্বজাতীয় ভাষিকসকলে তিপ্ৰা বা ত্ৰিপুৰীৰ পৰিৱৰ্তে নিজৰ ভাষাটোক ককবৰক বুলি কৈয়ে
ভাল পায়। হয়তো ইয়াৰ বাবেই ককবৰক নামটো সকলোৱে গ্ৰহণ কৰিছে। মনকৰিবলগীয়া যে
ককবৰকভাষী ত্ৰিপুৰী জনগোষ্ঠীটোকো বহুতেই বৰক জাতি বুলিয়েই অভিহিত কৰা দেখা গৈছে।
২০০১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি ভাৰতত ককবৰকভাষী লোকৰ সংখ্যা হ’ল ৮,৫৪,০২৩ গৰাকী।
ককবৰক লিপিঃ
ককবৰক ভাষাৰ কলমা নামৰ এটা নিজস্ব লিপি আছিল বুলি
পণ্ডিতসকলে উল্লেখ কৰিছে যিটো বৰ্তমানে প্ৰাপ্ত নহয়। ঊনবিংশ শতিকাৰ পৰা তিপ্ৰা
ৰাজতন্ত্ৰই বাংলা লিপি গ্ৰহণ কৰি আহিছে। ভাৰত-স্বাধীনৰ পাছৰে পৰা আৰু ত্ৰিপুৰা
ভাৰতৰ অংগৰাজ্যত পৰিণত হৈ উঠাৰ পাছৰে পৰা ৰোমান লিপিকো বেচৰকাৰী সংস্থাসমূহে গ্ৰহণ
কৰি আহিছে। বৰ্তমানে এই দুয়োটা লিপিয়েই ৰাজ্যখনত কম বেছি পৰিমাণে শৈক্ষিক সামাজিক
ক্ষেত্ৰখনত ব্যৱহৃত হৈ আছে।
ককবৰক
ভাষাৰ উপভাষাঃ
ককবৰক ভাষাৰ উপভাষা মূলতঃ আঠটা। সেইবোৰ হ’ল পুৰণা ত্ৰিপুৰী, ৰিয়াং, জমতিয়া,
নোয়াতিয়া,কলই,ৰূপিনী,মুৰাচিঙ আৰু উলছই। মনকৰিবলগীয়া কথা যে এই আঠোটা উপভাষাৰ
মূলতেই হ’ল বৰক বা ত্ৰিপুৰী জনগোষ্ঠীৰ উপগোষ্ঠীগত ৰূপহে যিবোৰ ত্ৰিপুৰা, অসম,
মিজোৰাম আৰু বাংলাদেশৰ চট্টগ্ৰাম অংশত সিঁচৰিত হৈ আছে। উল্লেখযোগ্য তিনিটা উপভাষা
হ’ল দেৱবৰ্মা, জমতিয়া আৰু নোয়াতিয়া যিকেইটাৰ পাৰস্পৰিক বোধগম্য পোৱা নাযায়। দক্ষিণী
উপভাষা দেৱবৰ্মাক প্ৰায় সকলো লোকেই কম বেছি পৰিমাণে বুজি পায়। শিক্ষাৰ লগতে
সাহিত্যচৰ্চাৰো মাধ্যমৰূপে প্ৰচলিত হোৱা এই উপভাষাটোৱেই মান্য ভাষাৰ মৰ্যাদা লাভ
কৰিছে।
ভাষাতাত্ত্বিক বৈশিষ্ট্যঃ
ভাষাতাত্ত্বিকভাৱে
ককবৰক হ’ল
তিব্বতবৰ্মী ভাষিক পৰিয়ালৰ বৃহৎ বড়ো শাখাৰ অন্তৰ্গত। ভাষাগত দৃষ্টিকোণৰ পৰা সেয়ে অসমৰ বড়ো আৰু ডিমাছা ভাষাৰ
লগত যথেষ্ট মিল পৰিলক্ষিত হয়।
স্বৰধ্বনিঃ
সাধাৰণ তিব্বতবৰ্মীয় ভাষিক
বৈশিষ্ট্যই ককবৰক ভাষাৰ মাজত পৰিলক্ষিত হয়। ককবৰক ভাষাৰ স্বৰধ্বনিৰ সংখ্যা হ’ল
ছটা। সেইকেইটা ক্ৰমে অ,আ,এ,ই,উ, আৰু ও। জিভাৰ উচ্চতা আৰু অৱস্থান অনুসৰি ককবৰক স্বৰধ্বনিসমূহক তলত
দিয়াৰ দৰে দেখুওৱাব পাৰিঃ
ই / i / প্ৰান্তীয় উচ্চ বিবৃতৌষ্ঠ্যঃ
এ / e / প্ৰান্তীয় মধ্যসম বিবৃতৌষ্ঠ্যঃ
উ / u / মূলীয় উচ্চ সংবিবৃতৌষ্ঠ্যঃ
ও / ɯ / প্ৰান্তীয় মধ্যসম সংবিবৃতৌষ্ঠ্যঃ
অ / ͻ /
মূলীয় মধ্যাভাস সংবিবৃতৌষ্ঠ্যঃ
আ / a / প্ৰান্তীয় নিম্ন বিবৃতৌষ্ঠ্যঃ
ও / ɯ / স্বৰধ্বনিৰ বাহিৰে বাকী ককবৰক
স্বৰধ্বনিকেইটা শব্দৰ আদি,মধ্য আৰু অন্ত্য সকলো অৱস্থানতে
বহিব পাৰে। যথা
স্বৰধ্বনি আদি মধ্য অন্ত্য
ই / i / ইয়াঙ iyaŋ (পেহী, মা) আমিঙ amiŋ (মেকুৰী) তুই tui (পানী)
এ / e / এৰেঙ ereŋ (বৃথা) হাৰপেক harpek (বোকা) মুইছেলে muit͡ʃele(অজগৰ)
উ / u / উৰি uri (উঁই) খুম khum (ফুল) ৰিতুকু rituku (গামোছা)
ও / ɯ / ওয়া ɯya (বাঁহ) আও aɯ (হয় বা সন্মতি)
অ / ͻ / অক্ ͻk (পেট) নক্ nͻk (ঘৰ) উল ulͻ (শেষ)
আ / a / আফেৰ্ apher
যমজ ৰাপ্নি rapni (শস্য ছপোৱাৰ কাল) লামা lama (পথ)
ব্যঞ্জনধ্বনিঃ
ব্যঞ্জনধ্বনিৰ ক্ষেত্ৰতো ককবৰক
ভাষাত মুঠ বিশটা ধ্বনি পোৱা যায়।সেইকেইটা হ’লঃ ক k,খ kh,গ g, ঙ ŋ , ত t, থ th, দ d, ন n,প p,ফ ph, ব b,ম m, চ t͡ʃ
,জ ʤ,ৰ r,ল l,য় y,ৱ w,স s আৰু হ h । উচ্চাৰণ স্থান আৰু ধ্বনিগত বৈশিষ্ট্য
অনুসৰি ককবৰক ব্যঞ্জনধ্বনিসমূহক এনেদৰে দেখুওৱাব পাৰিঃ
অঘৃষ্ট স্পৰ্শ
অঘোষ সঘোষ
অল্পপ্ৰাণ মহাপ্ৰাণ অল্পপ্ৰাণ নাসিক্য
কণ্ঠ্য ক k খ kh গ g ঙ ŋ
দন্ত্য ত t থ th দ d ন n
ঔষ্ঠ্য প p ফ ph ব b ম m
ঘৃষ্ট স্পৰ্শ
অঘোষ অল্পপ্ৰাণ সঘোষ অল্পপ্ৰাণ
উষ্মীভূত তালব্য চ t͡ʃ জ ʤ
তৰল
কম্পিত পাৰ্শ্বিক
দন্তমূলীয় ৰ r ল l
উষ্মধ্বনি
অঘোষ সঘোষ
দন্তমূলীয় স s
কণ্ঠনালীয় হ h (মহাপ্ৰাণ)
অৰ্ধস্বৰ
দন্তমূলীয় তালব্য য় y
তালব্য কণ্ঠ্য ৱ w (শ্ৰুতিধ্বনি)
মনকৰিবলগীয়া যে ককবৰক ভাষাত ৱ শ্ৰুতিধ্বনিটোৰ উচ্চাৰণ
সাধাৰণতে শব্দৰ আদ্য অৱস্থানত উআ ua আৰু অন্ত্য
অৱস্থানত উঅ uo ৰূপেহে উচ্চাৰিত হোৱা দেখা যায়। যেনে-
উআক uak গাহৰি উবাহ uah বাঁহ
থউঅ thuo শয়ন বউঅ buo পিত্ ইত্যাদি।
দ্বিস্বৰধ্বনিঃ
অন্যান্য ভাষাৰ দৰে ককবৰক ভাষাটো
যথেষ্ট সংখ্যক দ্বিস্বৰ ধ্বনি পোৱা যায়। এনেকুৱা দ্বিস্বৰ ধ্বনিৰ সংখ্যা ঊনৈশটা
পোৱা গৈছে। সেইবোৰৰ ভিতৰত হ’লঃ অআ, অই, অউ, ইঅ, ইআ, এঅ, এআ, এই, এও, আঅ, আই, আউ, আএ,
আও, উঅ, উআ, উই, ওআ আৰু ওই ।
সুৰঃ
তিব্বতবৰ্মীয় ভাষাগোষ্ঠীৰ অন্তৰ্গত
ভাষা হিচাপে ককবৰক ভাষাতো সুৰৰ গুৰুত্বতা লক্ষ্যনীয়। সুৰৰ তাৰতম্যৰ বাবেই বহুতো
শব্দই ভিন্ন অৰ্থ প্ৰকাশ কৰে। ককবৰক ভাষাত দুই ধৰৰ সুৰঃ উচ্চ সুৰ আৰু নিম্ন সুৰ
পৰিলক্ষিত হয়। উচ্চ সুৰ বুজাবলৈ মহাপ্ৰাণ হ ধ্বনি শব্দৰ পাছত যোগ দিয়া হয়। যেনে,
তুই tui ‘পানী’ কিন্তু তুইহ tuih ‘মিঠাই’।
ৰূপতাত্ত্বিকভাৱেও
ককবৰক ভাষাৰ কেতবোৰ স্বকীয় বৈশিষ্ট্য পৰিলক্ষিত হয়। তলত কেতবোৰ তেনে দিশৰ আলোচনা
কৰা হ’ল।
পুৰুষঃ
ককবৰক ভাষাত তিনিওটা পুৰুষৰে
উল্লেখ পোৱা যায়। কিন্তু পুৰুষৰ উল্লেখ তথা ব্যৱহাৰ প্ৰায়েই দেখা নাযায়।অৰ্থাৎ ই ব্যাকৰণগত নহয়। তলত তিনিওটা
পুৰুষ দেখুওৱা হ’লঃ
একবচন বহুবচন
প্ৰথম পুৰুষ আঙ (মই) চুঙ
(আমি)
দ্বিতীয় পুৰুষ নুঙ (তুমি) নৰগ
(তোমালোক)
তৃতীয় পুৰুষ ব (সি /তাই) বৰগ (সিহঁত)
বচনঃ
ককবৰক
ভাষাৰো বচন দুবিধঃ একবচন আৰু বহুবচন। বহুবচনবাচক প্ৰত্যয় দুটা ৰক (সকলোতে) আৰু সঙ
(ব্যক্তিবাচক শব্দত) বিশেষ্য আৰু সৰ্বনামৰ পাছত যোগ হয়। যেনে,
বৰক (মানুহ) > বৰক-ৰক (মানুহবোৰ), বোৰওই
(মাইকী মানুহ) > বোৰওই-ৰক
(মাইকী মানুহবোৰ)।
লিংগঃ
ককবৰক ভাষাৰ
চাৰিবিধ লিংগ হ’লঃ পুংলিংগ,স্ত্ৰীলিংগ,উভয়লিংগ আৰু ক্লীৱলিংগ। ককবৰকৰ লিংগ প্ৰকৃতিগত
আৰু কেৱল প্ৰাণীবাচক শব্দৰহে লিংগভেদ হয়।
লিংগৰ পৰিৱৰ্তন তিনিধৰণে কৰা দেখা যায়ঃ
(ক) পুৰুষ বা স্ত্ৰীবাচক ভিন ভিন
শব্দৰ দ্বাৰাঃ
ফা (পিতা) > মা (মাতা)
বৰক (মানুহ) > বুৰুই
(মাইকী মানুহ)
ফায়ুঙ (ভাই) > হানক
(ভনী)।
(খ)
উভয়বাচক শব্দৰ লগত পুৰুষবাচক সা, চুলা, জুৱা আৰু স্ত্ৰীবাচক মা, জুক,
বুৰুই শব্দৰ ব্যৱহাৰতো লিংগভেদ কৰা হয়। যথা,
পুন (ছাগলী) >পুনজুৱা
(মতা ছাগলী) > পুনজুক (মাইকী
ছাগলী)।
(গ) বিভিন্ন
স্ত্ৰী-প্ৰত্যয় ইন,জুক-আদিৰ সংযোগতো লিংগভেদ কৰা দেখা যায়। যেনেঃ
সিক্লা (যুৱক) > সিক্লি (যুৱতী)
বুচা (পুত্ৰ) >
বুচাজুক (দুহিতা)
কাৰক আৰু বিভক্তিঃ
ককবৰক ভাষাত ছবিধ কাৰক পোৱা
যায়। সেইকেইটা হ’লঃ কৰ্তা কাৰক, কৰ্ম কাৰক, কৰণ কাৰক, সম্প্ৰদান কাৰক, অপাদান (সম্বন্ধ
পদ) কাৰক আৰু অধিকৰণ কাৰক। তলত সেইবোৰৰ ভিভক্তিৰ চিনৰ সৈতে দেখুওৱা হ’ল-
কাৰক বিভক্তিৰ চিন উদাহৰণ
কৰ্তা কোনো বিভক্তিৰ চিন প্ৰয়োগ নহয় বৰক(মানুহ)
কৰ্ম ন বৰগন(মানুহক)
কৰণ বাই(অনুপদ) বৰগ-বাই(মানুহৰ
দ্বাৰা)
সম্প্ৰদান নি বৰগনি(মানুহলৈ)
অপাদান নি বৰগনি(মানুহৰ)
অধিকৰণ অ বৰগ(অ)
(মানুহত)
এই বিভক্তিৰ
চিনসমূহ বিশেষ্য বা সৰ্বনামৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ সিহঁতৰ পাছত প্ৰত্যয় হিচাপে
প্ৰয়োগ হয়।
নঞৰ্থকতাঃ
নিষেধবাচক য়া অব্যয়
ধাতুৰ পাছত যোগ দিয়েই নঞৰ্থকতা প্ৰকাশ কৰা হয়। যথা
চা (খা) + য়া = নাখায়
থাঙ (যা) + য়া = নাযায়
একেদৰে অতীত কালৰ নঞৰ্তকতা বুজাবলৈ লিয়া, য়াখ আৰু ভৱিষ্যত কালৰ বাবে
লয়া, গ্লাক অব্যয়ৰ ব্যৱহাৰ হয়।
সংখ্যাবাচক
শব্দঃ
ককবৰক ভাষাৰ মৌলিক সংখ্যাবাচক শব্দসমূহ তলত দিয়াৰ দৰে দেখুওৱাব পাৰি।
১-সা, ২-নুই, ৩-থাম, ৪-ব্ৰুই, ৫-বা, ৬-দক,
৭-চিনি, ৮-চাৰ, ৯-চুকু, ১০-চি
১০০-ৰা, ১০০০- চাই ।
মৌলিক
সংখ্যা শব্দৰ গঠন মনকৰিবলগীয়াঃ
চিসা= চি + সা ১০+১ =১১,একেদৰে
চিনুই ১২, চি-বা ১৫ ইত্যাদি।
বাক্যতত্ত্বঃ
ককবৰক বাক্যৰ গঠন
মূলতঃ উদেশ্য আৰু বিধেয়ৰ সংযোগতে হোৱা দেখা যায়।
Subject + Complement
নাইচক + চুৰাই কাহাম
(নাইচক ল’ৰা ভাল) অৰ্থাৎ নাইচক
এটা ভাল ল’ৰা।
সাধাৰণ
অনুজ্ঞাসূচক সদৰ্থক বাক্যৰ গঠন এনেধৰণৰঃ
SOV কৰ্তা + কৰ্ম +ক্ৰিয়া ৰাম মাই চাঅ ৰামে
ভাত খায়।
নঞৰ্থক
বাক্যৰ ক্ষেত্ৰতো তলত দেখুওৱাৰ দৰে ৰূপ এটা লাভ কৰোঁ-
SOVNEG কৰ্তা + কৰ্ম + ক্ৰিয়া +নঞৰ্থক আঙ মাই চা-য়া মই ভাত নাখাওঁ
কিন্তু প্ৰশ্নবোধক
বাক্যৰ ক্ষেত্ৰত গাথঁনিটো অলপ সুকীয়া হোৱা দেখা যায়।
Possessive + Subject +Question
নিনি + মুঙ + তাম তোমাৰ নাম কি ?