অসমীয়া ভাষাৰ সুৰলহৰ
অভিজিত বৰা
গৱেষক ছাত্ৰ
গুৱাহাটী বিশ্ববিদ্যালয়
৯৭০৭৭৫৮৫০০
সংক্ষিপ্তসাৰ
মানৱ ভাষাসমূহৰ এক বিশ্বজনীন ভাষিক বৈশিষ্ট্যসমূহৰ ভিতৰত অন্যতম হ’ল সুৰলহৰ। সুৰলহৰ হ’ল মূলতঃ উপহিত ধ্বনিতত্ত্বৰ ভিতৰুৱা এটি বিষয়। বিশ্বজনীন প্ৰকৃতিৰ হৈও সুৰলহৰে সংশ্লিষ্ট ভাষা সাপেক্ষে নিজা বৈশিষ্ট্য প্ৰকাশ কৰে। বহুসময়ত বক্তাৰ শৈলী ও অভিব্যক্তিয়েও সুৰলহৰৰ ওপৰত ক্ৰিয়া কৰা দেখা যায়। অসমীয়া ভাষাৰ সুৰলহৰ এই বিষয়টিৰ আলোচনা প্ৰসংগত সুৰলহৰৰ তাত্ত্বিক প্ৰসংগৰ আভাস দিয়াৰ লগতে অসমীয়া ভাষাৰ প্ৰচলন বা প্ৰয়োগৰ বিভিন্ন দিশৰ বিশ্লেষণৰ জৰিয়তে ইয়াৰ প্ৰকৃতি তথা প্ৰকাৰ্যৰ ন ন দিশৰ আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে।
আৰম্ভণি
ধ্বনি হ’ল ভাষাৰ মূল ভিত্তি। ভাষাৰ অধ্যয়নত সেয়ে ধ্বনিৰ ওপৰতে প্ৰাথমিক আলোচনা কৰা দেখা যায়। ভাষা একোটাৰ ধ্বনিপ্ৰণালীৰ সামগ্ৰিক আলোচনা কৰা হয় ধ্বনিতত্ত্বত। মানৱ বাগিন্দ্ৰিয়ৰ দ্বাৰা উচ্চাৰিত ধ্বনিসমূহৰ সামগ্ৰিক বৈশিষ্ট্যৰ বিজ্ঞানসন্মত অধ্যয়নৰ লগতে য’ত এই ধ্বনিসমূহৰ বৰ্ণনা, শ্ৰেণীকৰণ আৰু অনুলেখন কৰা হয় তাকেই ধ্বনিতত্ত্ব (phonology) বোলা হয়।
ধ্বনিসমূহৰ স্বৰূপ বিচাৰ কৰিলে আমি মূলতঃ বিভাজ্য ধ্বনি আৰু অবিভাজ্য বা উপহিত ধ্বনি নামেৰে এই দুবিধ ধ্বনি পাওঁ। আমাৰ সাধাৰণ কথাবাৰ্তাত উচ্চাৰিত ধ্বনিসমষ্টিৰ যিবোৰ ধ্বনিক সুস্পষ্ট আৰু পৃথক পৃথক এককৰ ৰূপত ভগাব পাৰি সেই ধ্বনি সমূহেই হ’ল বিভাজ্য ধ্বনি। উদাহৰণস্বৰূপে-
(১) এইখন কিতাপ ।
এই বাক্যটোত উচ্চাৰিত হোবা প্ৰত্যেকটো ধ্বনিকেই আমি এইদৰে পৃথকীকৃত কৰি দেখুৱাব পাৰোঁ—
এ+ই+খ্+অ+ন্ ক্+ই+ত্+আ+প্ ।
কিন্তু, এইসমূহ ধ্বনিৰ উপৰিও আন এক ধৰণৰ ধ্বনিও বাক প্ৰবাহত শুনা যায়; যিবোৰক বিভাজ্য ধ্বনিৰ দৰে সুস্পষ্ট আৰু পৃথকীকৃত ৰূপত ভগাব নোৱাৰি। এইবোৰ ধ্বনিক অবিভাজ্য বা উপহিত ধ্বনি বোলা হয়। অবিভাজ্য ধ্বনিসমষ্টিৰ বিভাজন একক ৰূপত কৰিব নোৱাৰি। এনে বিভাজনত কেইবাটাও একক ধ্বনি সংলগ্ন অৱস্থাত থাকিব পাৰে।
উদাহৰণস্বৰূপে,
(২) এইডাল বাঁহ ।
বাক্যটোৰ ধ্বনিসমূহ বিভাজন কৰিলে প্ৰথম অংশটোৰ বিভাজন কৰি দেখুৱাব পৰা যায় যদিও দ্বিতীয় অংশটোৰ বিভাজনৰ ক্ষেত্ৰত অসুবিধা দেখা যায়। অৰ্থাৎ বাঁহ শব্দটো ব্+আ+ ৺ +হ হিচাপে হ’ব নে ব্+ ৺ +আ+হ হ’ব তাক লৈ বিভাজনত এক খেলিমেলি ভাবৰ সৃষ্টি হোৱা দেখা যায় ।
বাঁহ শব্দটোৰ অনুনাসিক ( ৺ ) ধ্বনিটো এককভাৱে বিভাজন কৰিব নোৱাৰি কাৰণ ই এককভাৱে উচ্চাৰিত নহৈ /আ/ স্বৰধ্বনিৰ লগত সংযুক্তভাৱে উচ্চাৰিত হৈছে। এই অনুনাসিক ধ্বনিটোও এটা উপহিত বা অবিভাজ্য ধ্বনি। একেদৰে,
(৩) এইখন কিতাপ । 

বাক্যটোত নিহিত থকা সুৰৰ প্ৰবাহক যদি আমি সূক্ষ্মভাৱে মনোযোগ দিওঁ তেন্তে দেখিম উচ্চাৱস্থাৰ পৰা ক্ৰমে নিম্নলৈ প্ৰৱাহিত হোৱা সুৰেৰে বাক্যটোক বিবৃতিমূলক ইতিবাচক এক সৰল বাক্য কৰি তুলিছে কিন্তু এই প্ৰবাহক নিম্নাৱস্থাৰ পৰা যদি ক্ৰমে উচ্চাৱস্থালৈ পৰ্যবসিত কৰি উচ্চাৰণ কৰা হয় তেন্তে এই বাক্যটো এটা প্ৰশ্নবোধক বা সংশয় প্ৰকাশক বাক্য হৈ পৰিব।
(৪) এইখন কিতাপ ? 

অবিভাজ্য ধ্বনিৰ মূলতেই হ’ল এক কন্ঠীয় প্ৰতীতি (vocal effect)। এই ধ্বনিসমূহৰ সুৰৰ প্ৰবাহক বা সুৰক বিভাজ্য ধ্বনিৰ দৰে সুস্পষ্টভাৱে পৃথকে পৃথকে চিহ্নিত কৰিব নোৱাৰি। আকৌ বাক্যৰ ক্ৰম অনুসৰি বিভাজ্য ধ্বনিৰ এককভাৱে বিন্যস্ত কৰিব পৰা ক্ৰমবদ্ধতা বা শাৰীবদ্ধতা(Linearity)১-ৰ বিপৰীতে এনে অবিভাজ্য ধ্বনিসমূহে সাংগীতিক বা ছন্দোময় গুণেৰে(Prosodic feature )২ সঞ্চাৰিত হৈ থাকে।
বিভাজ্য ধ্বনিসমূহ হ’ল প্ৰাথমিক ধ্বনি আৰু অবিভাজ্য ধ্বনিসমূহ হ’ল গৌণ ধ্বনি। বিভাজ্য ধ্বনিৰ ভিতৰত স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনিসমূহকেই আলোচনা কৰা হয়। অবিভাজ্য ধ্বনিসমূহ হ’ল-সুৰ (pitch), আপেক্ষিক সুৰ (tone), সুৰলহৰ (intonation), শ্বাসাঘাত (stress), সন্ধি (juncture), অনুনাসিকতা (nasalization) ইত্যাদি।
সুৰ,আপেক্ষিক সুৰ আৰু সুৰলহৰ
আমাৰ দৈনন্দিন কথাবাৰ্তাত আমি সকলো ধ্বনি একেধৰণেই উচ্চাৰণ নকৰোঁ, ই সঘনাই পৰিৱৰ্তন হৈ থাকে । এই পৰিৱৰ্তনৰ মূলতেই হ’ল সুৰ (pitch)-ৰ প্ৰভাৱ । সেয়ে সুৰলহৰৰ আলোচনাত সুৰৰ বিষয়ে জনাটো প্ৰয়োজনীয় ।
কিছুমান বিশেষ ধ্বনি উচ্চাৰণত আমাৰ স্বৰতন্ত্ৰী দুডালে কৰা সন্নিকট অৱস্থানৰ বাবে হাওঁফাওঁৰ পৰা নিৰ্গত বায়ুপ্ৰবাহে স্বৰতন্ত্ৰী দুডালত সযোৰে আঘাত কৰে । ফলত সিহঁত হঠাত মেল খায় আৰু আকৌ জাপ খাই পৰে । এই পৰিঘটনাই কণ্ঠস্থ স্বৰতন্ত্ৰীৰ স্পন্দন গঢ় লৈ উঠাত এক সাংগীতিক লহৰ (musical note)-ৰ সৃষ্টি কৰে । স্বৰতন্ত্ৰীৰ এনে প্ৰাৱল্যৰ বৃদ্ধিৰ বাবেই ধ্বনি একোটাৰ সুৰ (pitch) নিৰূপিত হয় । যেতিয়া কোনো শব্দৰ অন্তৰ্গত বিশেষ ধ্বনি বা ধ্বনিগুচ্ছৰ ওপৰত সুৰ প্ৰয়োগৰ ফলত সেই শব্দৰ অৰ্থ নিয়ন্ত্ৰিত হ’ব তেতিয়া তাক আপেক্ষিক সুৰ (tone) বুলি কোৱা হয় । আৰু যেতিয়াই বাক্যৰ অন্তৰ্গত বিভিন্ন শব্দৰ সুৰৰ হ্ৰাস-বৃদ্ধি বা সুৰৰ তাৰতম্য ঘটায়েই যদি সমগ্ৰ বাক্যৰ অৰ্থ নিয়ন্ত্ৰণ কৰিব পৰা যাব তেতিয়াই এই সুৰৰ উঠা-নমা বা হ্ৰাস-বৃদ্ধিৰ প্ৰবাহক সুৰলহৰ (Intonation) বুলি কোৱা হ’ব । অৰ্থাৎ সুৰৰ তাৰতম্যই ভাষা একোটাৰ সুৰলহৰৰ সৃষ্টি কৰে ।
সুৰেই হৈছে সুৰলহৰৰ প্ৰাথমিক উপাদান । বিশেষ পৰিস্থিতিৰ বাদে আমাৰ দৈনন্দিন কথা-বাৰ্তাত সুৰৰ তাৰতম্য ঘটে । এই সুৰ অনেক প্ৰকাৰৰ হ’ব পাৰে । স্বৰতন্ত্ৰীৰ স্পন্দন ক্ৰমে তীব্ৰ হৈ গৈ থাকিলে সুৰৰ উচ্চতাও বৃদ্ধি ঘটে । তীব্ৰতৰ স্পন্দনত প্ৰাপ্ত সুৰক উচ্চ বা উদাত্ত (high), স্পন্দনৰ তীব্ৰতা হ্ৰাস পালে সৃষ্ট হোৱা সুৰক নিম্ন বা অনুদাত্ত (low) আৰু এই দুয়োটাৰ মধ্যৱৰ্তী অৱস্থাত স্পন্দিত হোৱা সুৰক স্বৰিত বা মধ্য (mid or level) বুলি ক’ব পাৰি । মূলতঃ এই তিনিটা সুৰৰ পৰাই সুৰৰ তাৰতম্য ঘটি তলত দেখুওৱাৰ দৰে কেতবোৰ সুৰৰ সৃষ্টি হ’ব পাৰে । যথা
উদাত্ত-নমিতঃ (high-fall) উদাত্তস্তৰৰ পৰা অনুদাত্ত স্তৰলৈ সুৰ অৱনমিত হ’লে ।
অনুদাত্ত-নমিতঃ (low-fall) সুৰ মধ্যস্তৰৰ পৰা অনুদাত্ত স্তৰলৈ অৱনমিত হ’লে ।
উদাত্ত-উন্নতঃ (high-rise) উদাত্ত সুৰ আৰু উন্নত হয় ।
অনুদাত্ত-উন্নতঃ (low-rise) নিম্ন সুৰ উদাত্তৰ দিশে উচ্চাভিমূখী হয় ।
নমিত-উত্থিতঃ (fall-rise) সাধাৰণ স্বৰিত অৱস্থাৰ পৰা অনুদাত্তস্তৰলৈ সুৰ নমিত হৈ পুনৰ সাধৰণ অৱস্থালৈ সুৰ উত্থিত হয় ।
উত্থিত-নমিতঃ (rise-fall) অনুদাত্তস্তৰৰ পৰা সুৰ মধ্যস্তৰলৈ উত্থিত হৈ পুনৰ অনুদাত্ত অৱস্থালৈ নমিত হয় ।
সুৰৰ আলোচনাত সততে আলোচিত হোৱা আনটো শব্দ হ’ল আপেক্ষিক সুৰ। প্ৰসংগতে উল্লেখযোগ্য যে কণ্ঠস্থ স্বৰতন্ত্ৰীৰ স্পন্দনৰ ওপৰত নিয়ন্ত্ৰণ ৰাখি বক্তাই সুৰৰ প্ৰাৱল্যৰ তাৰতম্য ঘটাব পাৰে। মনকৰিবলগীয়া যে সুৰৰ তাৰতম্যই কেতবোৰ শব্দবিশেষৰো অৰ্থৰ পৰিৱৰ্তন ঘটাব পাৰে। অৰ্থান্তৰ ঘটাৰ মূলতেই হ’ল আপেক্ষিক সুৰ। এই আপেক্ষিক সুৰ শব্দৰ অক্ষৰৰ মাজত নিহিত সঘোষ স্বৰধ্বনিয়ে বহন কৰে। প্ৰাচীন বৈদিক ভাষা, হোমাৰে ব্যৱহাৰ কৰা গ্ৰীক ভাষা, আধুনিক চীনা ভাষা প্ৰভৃতি পৃথিৱীৰ এনে কিছুমান ভাষা আছে য’ত শব্দৰ প্ৰত্যেক অক্ষৰৰ আপেক্ষিক সুৰ সুনিৰ্দিষ্ট। এই আপেক্ষিক সুৰৰ পৰিৱৰ্তন হ’লেই শব্দ একোটাৰ অৰ্থান্তৰ ঘটে। উদাহৰণস্বৰূপে৩,
প্ৰাচীন বৈদিক ভাষাত শব্দৰ অক্ষৰ সাপেক্ষে সৃষ্টি হোৱা আপেক্ষিক সুৰে কিদৰে অৰ্থৰ পৰিৱৰ্তন কৰিছে তলত দেখুওৱা হ’ল,
ৰাˊজপুত্ৰ -ৰজা যাৰ পুত্ৰ (বহুবীহ্ৰি সমাস)
(ইয়াত পিতৃক বুজাইছে পুত্ৰক নহয় আৰু সেই পিতৃ নিজে ৰজা নহ’বও পাৰে পুত্ৰ হ’লেই হ’ল ।)
ৰাজপুˊত্ৰ –ৰজাৰ পুত্ৰ (ষষ্ঠী তত্পুৰুষ সমাস)
(ইয়াত পুত্ৰক বুজাইছে পিতৃক নহয় আৰু পিতৃহে ৰজা পুত্ৰ ৰজা নহ’বও পাৰে ।)
আকৌ আন কেতবোৰ ভাষাত শব্দই বহন কৰা আপেক্ষিক সুৰৰ প্ৰকৃতিয়ে অৰ্থৰ পৰিৱৰ্তন ঘটাব পাৰে। উদাহৰণস্বৰূপে,
বেইজিংত প্ৰচলিত মাণ্ডাৰিয়ান চীনা ভাষাৰ ‘মা ’শব্দই সুৰ প্ৰবাহৰ তাৰতম্যত কিদৰে ভিন্ন অৰ্থ প্ৰদান কৰে তাক দেখুওৱা হ’লঃ
প্ৰথমবিধ স্বৰিত বা সমান্তৰাল(level) সুৰে
মা¯ = mā = মাতৃ (mother)
দ্বিতীয়বিধ নমিত-উত্থিত (low-high) সুৰে
মাˇ = mă = ঘোৰাঁ (horse)
তৃতীয়বিধ উদাত্ত-উন্নত(high-rise) সুৰে
মাˊ = má = শণ গছ (hemp)
চতুৰ্থবিধ অনুদাত্ত-নমিত (low-fall) সুৰে
মাˋ = mà = ধমক দে্ (to scold)
এনে আক্ষৰিক সুৰযুক্ত ভাষাসমূহত সুৰে বিশিষ্ট ধ্বনিৰ মৰ্যাদা লাভ কৰে বাবে এই ভাষাসমূহক সুৰীয়া বা সুৰ প্ৰধান ভাষা (tonal language) বোলে। সুৰীয়া ভাষাসমূহৰ ভিতৰত এবিধ উল্লেখনীয় ভাষিক পৰিয়াল হ’ল চীন-তিব্বতীয় ভাষিক পৰিয়াল। এই ভাষাসমূহত ব্যৱহৃত সুৰৰ সম্যক জ্ঞান নহ’লে সুৰীয়া ভাষা বুজা অসম্ভব। কিন্তু সুৰীয়া ভাষাৰ বিপৰীতে অসমীয়া ভাষাত সাধাৰণতে আপেক্ষিক সুৰ শব্দৰ বা অক্ষৰৰ অবিচ্ছেদ্য উপাদান নহয়। সুৰৰ তাৰতম্য ঘটালে শব্দই বেলেগ অৰ্থ প্ৰদান নকৰি বা অৰ্থান্তৰ নহৈ সামান্যভাবেহে অৰ্থৰ পৰিৱৰ্তন ঘটে।
উদাহৰণস্বৰূপে,
(৪) চিনেমাখন ভাল । 

বিবৃতিৰ পৰিপ্ৰেক্ষিতত দিয়া “হয়” সন্মতিসূচক শব্দত ব্যৱহৃত সুৰৰ তাৰতম্যই কিদৰে অৰ্থৰ সালসলনি ঘটাব পাৰে তলত দেখুওৱা হ’ল-
(ক) হয় ।
অনুদাত্ত সুৰেৰে উচ্চাৰিত হোৱাৰ বাবে ই এক সন্মতি বা শলাগৰ সূচনা কৰিছে।( – হয়, ভাল ।...এনে অৰ্থত)

(খ) হয় ?
উদাত্ত-উন্নত সুৰত বিবৃতিটোক এক প্ৰশ্নৰহে অৱতাৰণা কৰিছে। (ভাল জানো?...এনে অৰ্থত)

(গ) হয় !
স্বৰিত সুৰৰ ব্যৱহাৰত বক্তাৰ বিবৃতিক সম্পূৰ্ণভাৱে মানি নলৈ এক সংশয় ভাব প্ৰকাশ পাইছে। (-হয়, কিন্তু...এনে অৰ্থত)

সুৰৰ তাৰতম্যৰ বাবেই বাক্য একোটাৰ সমগ্ৰ সুৰ প্ৰবাহে বাক্যটোক সুকীয়া সুৰ আৰোপ কৰে। অৰ্থাৎ তাৰতম্য ঘটা সুৰ সমষ্টিয়েই ভাষা একোটাৰ সুৰলহৰ নিশ্চিত কৰে। উপহিত ধ্বনিতত্ত্বৰ অধ্যয়নত Intonation বা সুৰলহৰ- এই পৰিভাষাই বিশেষকৈ সুৰ আৰু সাংগীতিক লহৰৰ বিশেষত্বমূলক প্ৰয়োগৰ বিশ্লেষণ আগবঢ়ায়।
অসমীয়া সুৰলহৰঃ প্ৰকৃতি আৰু প্ৰকাৰ্য
বাক্যত নিহিত থকা স্বতন্ত্ৰ আৰু বিৰোধমূলক ধ্বনিতাত্ত্বিক এককসমূহৰ মাজতেই ক্ৰমাগতভাৱে সুৰৰ সাংগীতিক লহৰ বা সুৰতৰংগই সুৰলহৰৰ কাৰ্যকাৰিতা প্ৰদৰ্শন কৰে। সুৰৰ নিজা কোনো অৰ্থ নাথাকিলেও (কিন্তু বৰ্ণৰ নিজা অৰ্থ আছে) সুৰৰ তাৰতম্যৰ জৰিয়তে সামগ্ৰিকভাৱে বাক্যৰ সুৰ সমষ্টিক এক সামূহিক অৰ্থ প্ৰদান কৰে। সেয়ে সুৰলহৰক এবিধ উপহিত বৰ্ণ বুলিব পাৰি।
সুৰলহৰৰ আলোচনাত বিশেষকৈ সুৰীয়া ছেদ বা সুৰলহৰৰ খণ্ডবাক্য (intonation unit or phrase IP), সুৰৰ স্তৰভেদ (pitch level), সুৰৰ ব্যাপ্তি (pitch span), স্তৰভেদত ঘটা সুৰৰ তাৰতম্যৰ দুৰত্বমাপক সুৰৰ দৈৰ্ঘ্য (pitch excursion) আদি উপাদানসমূহৰ ওপৰত গুৰুত্ব দিয়েই বিশ্লেষণ আগবঢ়োৱা দেখা যায়। সুৰীয়া ছেদ হৈছে উচ্চাৰিত বাক্য এটাক খণ্ডিত কৰি লোৱাৰ নিয়ম। ঘাইকৈ বাক্য উচ্চাৰণত হোৱা যতিক গুৰুত্ব দিয়েই ছেদ কৰা হয় যদিও সমগ্ৰ বাক্যটোত দেখা পোৱা সুৰৰ নিম্নগামী বা অৱৰোহী তুলনাৰ ভিত্তিতো ইয়াক ছেদন কৰিব পাৰি। কিন্তু দেখা যায় যে এই ছেদনৰ বাদেও সমগ্ৰ বাক্যটোতে এক অন্তৰ্লীন ক্ৰীয়াই কাম কৰে। উদাহৰণস্বৰূপে,
(৫) তুমি যদি আহি পোৱা আমি যাম ।

বাক্যটোক সুৰীয়া ছেদত এনেদৰে ভগাব পাৰিঃ
(৬) তুমি যদি আহি পোৱা আমি যাম ।



সুৰৰ স্তৰভেদ বুলি কলে বক্তা এজনে কথা কওঁতে ঘটা সুৰৰ তাৰতম্যৰ উচ্চতাৰ উলম্ব স্তৰৰ ভিন্নতা। মনকৰিবলগীয়া যে উচ্চতা আৰু দিশ অনুসৰি পোৱা সুৰৰ স্তৰভেদ (যাক মাত্ৰা বুলিও কোৱা হয়) মূলতঃ তিনিটা। সেইয়া হ’ল-(ক) উচ্চ সুৰ (high tone) (খ) মধ্য বা স্বৰিত সুৰ (middle tone) আৰু (গ) নিম্ন সুৰ (low tone)। সুৰৰ ব্যাপ্তি হ’ল সুৰৰ তাৰতম্য ঘটা বাক্যৰ মুঠ আনুভূমিক দুৰত্ব। আকৌ সুৰৰ স্তৰভেদত ঘটা সুৰ উঠা-নমাৰ দুৰত্বৰ মাপকেই সুৰৰ দৈৰ্ঘ্য বুলিব পাৰি।
সুৰলহৰৰ বিশ্লেষণৰ বাবে পণ্ডিতসকলে কেইবাটাও পদ্ধতি ব্যৱহাৰ কৰা দেখা যায়। সুৰৰ তাৰতম্যৰ প্ৰকাৰভেদক আলোচনা কৰা জনপ্ৰিয় পদ্ধতিসমূহৰ ভিতৰত দুটা উল্লেখযোগ্য পদ্ধতি হ’লঃ-(১) সুৰতৰংৰ ৰৈখিক উপস্থাপন (contours) আৰু (২) সুৰ সমষ্টি বা সুৰ গোট (tone units or tone groups)
(১) সুৰতৰংগৰ ৰৈখিক উপস্থাপন (contours): এই পদ্ধতিত সুৰৰ স্তৰভেদ অনুসৰি প্ৰাপ্ত সুৰযুক্ত ধ্বনি বা ৰূপ সমূহক ৰৈখিকভাৱে ৰূপায়ন কৰা হয়। অধ্যাপক ডেনিয়েল জ’ন্সে প্ৰদৰ্শন কৰা এই পদ্ধতিক অৱলম্বন কৰিয়েই পণ্ডিতসকলে সুৰলহৰৰ বিশ্লেষণ আগবঢ়ায়। পদ্ধতি অনুসৰি সুৰলহৰৰ মূল প্ৰকাৰভেদ তিনি প্ৰকাৰৰ হ’ব পাৰে।
(ক) উচ্চৰ পৰা নিম্নগামী বা অৱৰোহী (high falling or fade)
(খ) নিম্নৰ পৰা উৰ্দ্ধগামী বা আৰোহী (low rising or rise)
(গ) উদাসীন বা সমান্তৰাল (level or sustained)
উল্লেখযোগ্য যে সুৰৰ তীব্ৰতাৰ মাত্ৰাভেদ সূক্ষ্মাতিসূক্ষ্ম হ’ব পাৰে। কিন্তু আলোচনাৰ সুবিধাৰ্থে উচ্চ, মধ্য আৰু নিম্ন মাত্ৰাভেদক সুৰৰ তিনিটা স্তৰভেদত এনেদৰে দেখুওৱাব পাৰি,-

বিভিন্নশ্ৰেণী বাক্যৰ সহায়ত অসমীয়া ভাষাৰ সুৰলহৰৰ ৰৈখিক উপস্থাপন কৰি দেখুওৱা হ’লঃ
(অ) সাধাৰণ বিবৃতিমূলক বাক্যঃ এই ধৰণৰ বাক্যত সম্পূৰ্ণ বাক্যৰ দৰে সমাপ্তিত কোনোধৰণৰ সংশয় নাথাকে। কোনো শব্দত জোৰ নিদি অতি সাধাৰণভাবেই উচ্চাৰণ কৰা হয় আৰু ইয়াৰ সুৰ উচ্চাৱস্থাৰ পৰা ক্ৰমে নিম্নলৈ গতি কৰে।যথা,

ইয়াত অৱৰোহী সুৰলহৰে বাক্যটোক এক সাধাৰণ বিবৃতিত পৰিণত কৰিছে। কিতাপখন সঁচাকৈয়ে সুখপাঠ্য এনে এক অৰ্থ প্ৰকাশ পাইছে।
(আ) প্ৰশ্নবোধক বাক্যঃ সাধাৰণতে দুই ধৰণৰ প্ৰশ্নবোধক বাক্য পোৱা যায়। প্ৰথমবিধ হয় বা নহয় উত্তৰ প্ৰত্যাশী যাক ইংৰাজীত ‘Yes-no’(or general question) আৰু আনবিধ হ’ল বিস্তৃতভাৱে জানিবৰ বাবে সোধা প্ৰশ্ন, যাক ইংৰাজীত ‘Wh-’ question বুলি কোৱা হয়। প্ৰথমবিধৰ সুৰলহৰ হ’ল নিম্নৰ পৰা উৰ্দ্ধগামী বা আৰোহী।
(৮) কিতাপখন ভাল?

এইধৰণৰ প্ৰশ্নৰ উপৰিও কিছুমান প্ৰশ্নত সবিশেষ তথ্য বিচৰা দেখা যায়।যথা,
(৯) কিতাপখনৰ মূল্য কিমান?

এনে প্ৰশ্নবোধক বাক্যবোৰত সুস্পষ্ট উত্তৰ এটা প্ৰত্যাশা কৰিয়েই সোধা হয় আৰু ইয়াত সুৰলহৰ উচ্চৰ পৰা নিম্নগামী বা অৱৰোহী। দেখা যায় এই সুৰলহৰ সাধাৰণ বিবৃতিমূলক বাক্যৰ সৈতে একে। প্ৰসংগতে উল্লেখযোগ্য যে সুৰলহৰৰ প্ৰয়োগ সম্পূৰ্ণভাৱে বক্তাৰ ওপৰত নিৰ্ভৰ কৰে আৰু ই তেওঁৰ ইচ্ছাধীন। প্ৰশ্নকৰ্তাই ৰূপকাত্মকভাৱে শ্ৰোতাৰ পৰা তথ্য আদায় কৰিবলৈ সুৰলহৰৰ ভিন্নভাৱে প্ৰয়োগ কৰে।
(ই) সংশয় বা দ্বিধামূলক বাক্যঃ যেতিয়া কোনো এক বক্তব্য বিষয়ৰ ওপৰত আমি সৰ্বশেষ সিদ্ধান্তত আহিব নোৱাৰো তাত আৰু কিবা ভাব থাকি যায় বা সন্দেহ ওপজে তেতিয়াই বাক্য এটা সংশয় প্ৰকাশক হয়।এনে বাক্যৰ সুৰলহৰ সাধাৰণতে উঠা নমা নকৰি একে ভাবেই গতি কৰে। মনকৰিবলগীয়া যে এইধৰণৰ বাক্যৰ সুৰৰ ব্যাপ্তি সাধাৰণ বাক্যতকৈ দীঘল হোৱা দেখা যায়(বৃদ্ধিপ্ৰাপ্ত অৱস্থাক আখৰ সম্প্ৰসাৰণ কৰি দেখুওৱা হৈছে) যাক আমি লেনীয়াই কোৱা বুলি ক’ব পাৰোঁ।
(১০) কিতাপ খ ন প ঢ়ি ব লৈ ভা ল ।

(ঈ) নিৰ্দেশমূলক বাক্যঃ আদেশ,অনুৰোধ,নিৰ্দেশ আদি বাক্যৰ ক্ষেত্ৰতো সুৰলহৰ সাধাৰণতে উচ্চৰ পৰা ক্ৰমে নিম্নগামী বা অৱৰোহী হোৱাই দেখা যায়।
যেনে-
(১১) কামটো সোনকালে শেষ কৰা।

(১২) দুৱাৰখন বন্ধ কৰি দিয়কছোন।

ওপৰত দেখুওৱা সৰল বাক্যকেইটাৰ সহায়ত সাধাৰণভাৱে অসমীয়া ভাষাৰ সুৰলহৰৰ এটি সম্যক ধাৰণা দিয়া হ’ল।
এই পদ্ধতিৰ উপৰিও ব্ৰিটিছ পৰম্পৰাবাদী পণ্ডিতসকলে অনুসৰণ কৰা আনটো পদ্ধতি হ’ল-
(২) সুৰ সমষ্টি বা সুৰ গোট (tone units or tone groups): এই পদ্ধতিত সুৰৰ প্ৰকাৰভেদক কেতবোৰ সমষ্টি বা গোটত বিভক্ত কৰি বাক্যৰ সুৰলহৰৰ আলোচনা কৰা হয়। বিভক্ত কৰা গোট বা সমষ্টিসমূহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সুৰ সমষ্টিক বাছি উলিয়াই সেই নিৰ্দিষ্ট গোটৰ সুৰ প্ৰাৱল্য বেছি হোৱা সুৰাধাৰ বা সুৰৰ অক্ষৰাধাৰ (tonicity) নিৰ্ণয় কৰা হয়। এই সুৰাধাৰেই বাক্যৰ সুৰলহৰক প্ৰভাবিত কৰি অৰ্থ প্ৰদান কৰে। মনকৰিবলগীয়া এইয়ে যে একোটা সুৰ গোটৰ মাজতে কেইবাটাও সুৰাধাৰ থাকিব পাৰে।
আকৌ বাক্যৰ কেতবোৰ শব্দক জোৰ দিও সুৰৰ তাৰতম্যৰে সুৰলহৰ সৃষ্টি কৰিব পাৰি। বাক্যটোৰ বিভিন্ন বাক্যাংশত সালসলনিভাৱে প্ৰয়োগ কৰা গুৰুত্বজ্ঞাপক বাক্য শ্বাসাঘাতৰ জৰিয়তে কেতবোৰ শব্দক জোৰ দি অৰ্থৰ তাৰতম্য ঘটোৱা হয়। আৰু শ্বাসাঘাত পৰা সেই শব্দবিশেষৰ অক্ষৰে সুৰ পৰিৱৰ্তনৰ সুৰৰ অক্ষৰাধাৰ ৰূপে কাম কৰে। উদাহৰণস্বৰূপে,
(১৩) মই ৰাতিপুৱা দুই কিলোমিটাৰ খোজকাঢ়োঁ ।
বক্তা এজনে এই বাক্যটোকে ইয়াৰ বিভিন্ন শব্দত গুৰুত্বজ্ঞাপক বাক্য শ্বাসাঘাত প্ৰদান কৰি তলত দেখুওৱাৰ দৰে সুৰলহৰৰ সৃষ্টি কৰিব পাৰে। শ্বাসাঘাতৰ জোৰ বুজাবলৈ শব্দটো গাঢ় কৰি বুজোৱা হৈছে। যথা,
(১৩)ক মই ৰাতিপুৱা দুই কিলোমিটাৰ খোজকাঢ়োঁ ।
ইয়াত ৰাতিপুৱা শব্দটোত জোৰ দি বক্তাই তেওঁ যে প্ৰাতঃভ্ৰমণ কৰে তাক নিৰ্দিষ্টভাৱে বুজাবৰ চেষ্টা কৰিছে আৰু শ্ৰোতাই এই তথ্য লাভ কৰিবলৈ সক্ষম হ’ব।
(১৩)খ মই ৰাতিপুৱা দুই কিলোমিটাৰ খোজকাঢ়োঁ ।
ইয়াত দুই কিলোমিটাৰ শব্দটোত জোৰ দি বক্তাই তেওঁ যে এটা নিৰ্দিষ্ট দুৰত্বহে অতিক্ৰম কৰে সেয়া প্ৰকাশ কৰিছে।
(১৩)গ মই ৰাতিপুৱা দুই কিলোমিটাৰ খোজকাঢ়োঁ ।
ইয়াত খোজকাঢ়োঁ শব্দত জোৰ দি বক্তাই খোজকঢ়াটো তেওঁৰ যে এটা অভ্যাস তাক প্ৰতিপন্ন কৰিছে।
উল্লেখ্য যে উচ্চাৰিত বাক্য এটাৰ বিভিন্ন শব্দৰ অক্ষৰত জোৰ দি সুৰৰ অক্ষৰাধাৰ বাছনিৰ ভিত্তিতেই বক্তাই প্ৰকাশ কৰিব বিচৰা মূল কথা নিৰ্ভৰ কৰে। এই প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বক্তাৰ ইচ্ছাধীন।
সুৰলহৰৰ বিশ্লেষণত ঘাইকৈ ৰৈখিক উপস্থাপন পদ্ধতিয়েই বেছি জনপ্ৰিয়। অসমীয়া সুৰলহৰ সম্পৰ্কীয় পৰৱৰ্তী আলোচনাত আমি ৰৈখিক উপস্থাপনৰ ভিত্তিতে সুৰলহৰৰ তাৰতম্য দেখুওৱাবলৈ যত্ন কৰিম যদিও সুৰৰ স্তৰভেদ বা মাত্ৰাৰ উল্লেখ নকৰোঁ৪।
প্ৰকাৰ্যগত দিশৰ পৰাও সুৰলহৰে ভাষাৰ বিভিন্ন দিশৰ উন্মোচন কৰে। বাক্য এটাত নিহিত বিভিন্ন প্ৰকাৰৰ তথ্য সুৰলহৰে বহন কৰে। তলত সুৰলহৰৰ কাৰ্যকাৰিতা সম্পৰ্কে আলোচনা কৰা হ’ল-
(ক) সুৰলহৰ হ’ল বাক্য এটাৰ ব্যাকৰণগত গাঁথনিৰ সূচক। যিদৰে লিখন পদ্ধতিত কূটচিহ্নৰ ব্যৱহাৰে বাক্য এটা আয়ত্ত কৰাত সহায় কৰে তদ্ৰূপ সুৰলহৰকো কথিত ভাষাৰ কূটচিহ্ন বুলি ক’ব পাৰোঁ। উদাহৰণস্বৰূপে,
(১৪) মই ভামহ আৰু কালিদাস পঢ়োঁতে তেওঁ অভিভূত হৈছিল।
এই বাক্যটো লিখোতে আমি যদি ভামহ আৰু কালিদাস শব্দ দুটা উৰ্ধ কমাৰে বন্ধন কৰোঁ তেতিয়া বুজা যাব যে তেওঁলোক দুজনৰ সাহিত্যৰাজি পঢ়োতেহে তেওঁ অভিভূত হৈছিল কিন্তু মই শব্দৰ পাছতে কমা বহুৱাও তেতিয়া অৰ্থটো বেলেগ হৈ পৰিব। অৰ্থটো এনে হ’ব যে মই,ভামহ আৰু কালিদাস-এই তিনিজনে পঢ়িব পৰা বা পঢ়াৰ বাবেহে তেওঁ অভিভূত হৈছিল। এই দুইধৰণৰ অৰ্থ প্ৰদানৰ বাক্যকেই সুৰলহৰৰ সহায়ত আমি কওঁতে ব্যৱহাৰ কৰিব পাৰোঁ।যথা,
(১৪)ক মই ভামহ আৰু কালিদাস পঢ়োঁতে তেওঁ অভিভূত হৈছিল।

(১৪)খ মই ভামহ আৰু কালিদাস পঢ়োঁতে তেওঁ অভিভূত হৈছিল।

ওপৰৰ (১৪)ক নং বাক্যটোত দুটা সুৰীয়া ছেদৰ সহায়ত অভিপ্ৰেত অৰ্থ বুজোৱাৰ বিপৰীতে (১৪)খ নং বাক্যটোত সাধাৰণভাবেই সুৰৰ তাৰতম্য ঘটাই মূল অৰ্থ বুজোৱা দেখা গৈছে।
(খ) আমি উচ্চাৰণ কৰা কথাবাৰ্তাসমূহত নিহিত কেতবোৰ তথ্যও সুৰলহৰে প্ৰতিফলিত কৰে। সুৰলহৰৰ এই প্ৰকাৰ্যক তথ্যগত গাঁথনি হিচাপে অভিহিত কৰিব পাৰি। আমি আগতেই উল্লেখ কৰিছো যে বাক্যত প্ৰবাহিত সুৰৰ তাৰতম্য বক্তা এজনে তেওঁৰ যোগাযোগৰ প্ৰয়োজন সাপেক্ষে সালসলনি ঘটাব পাৰে। এনে তাৰতম্যৰ ভিত্তিতেই সুৰলহৰ ভিন্ন হৈ পৰে আৰু সুৰলহৰে আনি দিয়া অৰ্থৰ বিভিন্নতাও পৰিলক্ষিত হয়। সুৰলহৰৰ প্ৰবাহৰ প্ৰকৃতিয়েই শ্ৰোতা এজনক অৰ্থ আয়ত্ত কৰাত সহায় কৰে আৰু তেওঁ সেই ভাবেই বক্তাৰ লগত যোগাযোগ কৰি চলে।
ধৰাহওক দুজন বন্ধু মিলিত হৈছে। এজনে এখন নতুন গাড়ী লৈছে আৰু বন্ধুক সুধিলে যে তেওঁ গাড়ীখন কেনেকুৱা দেখিছে? তেতিয়া আনজন বন্ধুৱে কৈছে- গাড়ীখনৰ ৰঙটো ভাল ।
এতিয়া এই বাক্যটোকে বক্তাজনে প্ৰয়োজন সাপেক্ষে সুৰৰ তাৰতম্যত তলত দেখুওৱাৰ দৰে উপস্থাপিত কৰিব পাৰিবঃ
(১৫) গাড়ীখনৰ ৰঙটো ভাল । 

ইয়াত বক্তাই অৱৰোহী সুৰত সাধাৰণ বিবৃতি হিচাপে জনাইছে যে সচাঁকৈয়ে গাড়ীখনৰ বৰণটো চকুত লগা।
(১৬) গাড়ীখনৰ ৰঙটো ভাল ? 

এক আৰোহী সুৰে বক্তাই প্ৰশ্নৰ অৱতাৰণা কৰিছে আৰু যেন বন্ধুত্বসুলভ কৰ্তৃত্বৰে কৈছে তই ৰঙটো সচাঁকৈয়ে ভাল দেখিছ ?বা কোনে কৈছে...এনে অৰ্থত।
(১৭) গাড়ীখনৰ ৰ ঙ টো ভা ল ! 

ইয়াত প্ৰায় স্বৰিত বা সমান্তৰাল সুৰেৰে আৰু সুৰৰ ব্যাপ্তি বৃদ্ধি কৰি আৰু অধিক মন্তব্যৰ পোষকতা কৰা দেখা গৈছে।যেন ৰঙটো ভালেই কিন্তু বৰ উজ্জ্বল নহয়....এনে অৰ্থত।
মনকৰিবলগীয়া যে সুৰলহৰৰ ওপৰত ভিত্তি কৰিয়েই আমি বাক্যসমূহত নিহিত প্ৰধানত দুটা তথ্যগত উপাদান লাভ কৰোঁ—
(ক) কথোপকথনৰ প্ৰকাৰ্য (discourse function) আৰু
(খ) বক্তাৰ অভিব্যক্তি আৰু মানসিক স্থিতি (attitude and speaker’s state)
(ক) কথোপকথনৰ প্ৰকাৰ্য(discourse function): কথোপকথনৰ প্ৰকাৰ্যৰ সহায়ত বক্তাই কোৱা বাক্যটোৰ অন্তৰালৰ প্ৰকৃতি সম্পৰ্কে জানিব পৰা যায়। সুৰলহৰৰ সহায়তেই বক্তা এজনৰ প্ৰকাশিত বাক্যটো কৰ্তৃত্বপ্ৰধান নে বিবৃতিমূলক নে নিৰ্দেশক সেয়া নিৰূপন কৰিব পৰা যায়। সুৰলহৰে বাক্যৰ দ্বৈৰ্থকতা ভেদ কৰাত সহায় কৰে। সাধাৰণ দৃষ্টিভংগীত দেখা যায় যে অৱৰোহী সুৰলহৰে প্ৰকাশ কৰা সাধাৰণ বিবৃতিমূলক বাক্যই (যাক আমি উদাসীন বুলি ক’ব পাৰো) এক সৰ্বশেষ প্ৰকাশভংগী ফুটাই তোলাৰ বিপৰীতে আৰোহী সুৰলহৰে ঔত্সুক্য মনোভাবৰহে মত পোষণ কৰে। সুৰলহৰৰ এই ভিন্নধৰ্মী বিপৰীত অৱস্থাক আমি বদ্ধ(closed) আৰু মুক্ত(open) অৱস্থা বুলিব পাৰো।
বদ্ধ আৰু মুক্ত এই দুটা অৱস্থাৰ পৰাই বাৰ্তালাপৰ ক্ৰমৰক্ষাকাৰী স্থিতি নিৰ্ণয় কৰিব পাৰি। বদ্ধ অৱস্থাই বাৰ্তালাপৰ ধাৰাবাহিকতা ৰক্ষা নকৰে কিন্তু মুক্ত অৱস্থাই ধাৰাবাহিকতা বৰ্তাই নিয়াত সহায় কৰে। যদিও ধাৰাবাহিকতা ৰক্ষাৰ অৱস্থাটো নিশ্চিতভাৱেই বক্তা আৰু শ্ৰোতাৰ ওপৰত নিৰ্ভৰ কৰে তথাপি সাধাৰণভাৱে সুৰলহৰে এনে বিশ্লেষণকে আগবঢ়ায়। অৰ্থাৎ এটা সুসংবদ্ধ কথোপকথন বহুক্ষেত্ৰত সুৰলহৰৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে,
নতুনকৈ লগ পোৱা দুজন ব্যক্তিৰ পৰিচয়পৰ্বৰ কথোপকথন ব্যক্তিদুজনে কথা কওঁতে ব্যৱহাৰ কৰা সুৰলহৰৰ ওপৰত বহুলাংশে নিৰ্ভৰ কৰিব। বক্তাজনে ব্যৱহাৰ কৰা সুৰলহৰৰ ওপৰত ভিত্তি কৰিয়েই শ্ৰোতাই তেওঁৰ কথাবাৰ্তাত সঁহাৰি জনাব। তলৰ কথোপকথনৰ অংশৰ সহায়ত সুৰলহৰৰ প্ৰকাৰ্যক এনেদৰে দেখুওৱাব পাৰি।
(১৮) তোমাৰ নাম ? 

দেৱনীল।

(১৯) তুমি চহৰৰ সিমূৰে থাকা নহয়নে ? 



ইয়াত ১ম ব্যক্তিয়ে সোধা প্ৰশ্নকেইটাৰ সুৰলহৰৰ আৰোহী হোৱাৰ বাবে ২য় জন ব্যক্তিয়ে উত্তৰ দিবলৈ উত্সাহ প্ৰকাশ কৰিছে। কিন্তু ইয়াৰ কোনো এজনেও যদি সুৰলহৰ সলনি কৰে তেতিয়া কথোপকথনটো সুসংবদ্ধ হৈ নুঠিব। যদি ‘দেৱনীল ’বুলি কোৱা নাম অংশটো সাধাৰণ অৱৰোহী সুৰলহৰেৰে প্ৰকাশ কৰে তেতিয়া ১ম ব্যক্তিয়ে দ্বিতীয়টো প্ৰশ্ন কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰে। এই কথোপকথনৰ ধাৰাবাহিকতাৰ ক্ৰম আৰু বৰ্তি থাকিব যদিহে হয় বুলি শলাগ লোৱা শব্দটো আৰু অধিক উত্সাহেৰে আৰোহী সুৰেৰে (হয়!) উচ্চাৰণ কৰে।
বদ্ধ আৰু মুক্ত অৱস্থাৰ উপৰিও সুৰৰ ব্যাপ্তিৰ হ্ৰাস-বৃদ্ধিৰ ওপৰতো বাৰ্তালাপৰ ধাৰাবাহিকতা নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে
তাৰপাছত মন্দিৰলৈ গৈ দেৱী মাৰ দৰ্শন কৰিলোঁ
এই বাক্যটোৰ ব্যাপ্তিৰ তাৰতম্যই বাৰ্তালাপৰ ধাৰাবাহিকতাৰ ওপৰত কিদৰে প্ৰভাৱ পেলাইছে তলত দেখুওৱা হ’ল। বৃদ্ধিপ্ৰাপ্ত অৱস্থাক আখৰ সম্প্ৰসাৰণ কৰি দেখুওৱা হৈছে।
(২১) তাৰপাছত মন্দিৰলৈ গৈ দে ৱী মা ৰ দ ৰ্শন ক ৰি লোঁ ।

(২২) তাৰপাছত মন্দিৰলৈ গৈ দেৱী মাৰ দৰ্শন কৰিলোঁ ।

প্ৰথমটোৰ (২১) ধীৰ আৰু অৱৰোহী সুৰে বক্তোজনৰহে ধাৰাবাহিক কথাবাৰ্তাৰ ইংগিত বহন কৰিছে। যেন তেওঁ এই প্ৰসংগত আৰু ক’বলগীয়া আছে। ইয়াৰ প্ৰত্যুত্তৰত শ্ৰোতাৰ ফালৰ পৰা কোনো সঁহাৰি আশা কৰিব নোৱাৰি। দ্বিতীয়বিধৰ (২২) সুৰৰ ব্যাপ্তি স্বাভাবিক হোৱাৰ বাবে সুৰলহৰ অৱৰোহী হৈও উভয়ৰ অংশগ্ৰহণৰে ধাৰাবাহিকতাৰ লক্ষণ প্ৰকাশ কৰিছে।
(খ) বক্তাৰ অভিব্যক্তি আৰু মানসিক স্থিতি(attitude and speaker’s state): এই দ্বিতীয়বিধ তথ্যগত প্ৰকাৰ্যই বক্তা এজনৰ ব্যক্তিগত অভিব্যক্তি আৰু তেওঁৰ মানসিক স্থিতিৰ সম্ভেদ দিবলৈ যত্ন কৰে। মানসিক স্থিতি আৰু অভিব্যক্তিৰ বুজ ল’বলৈ যত্ন কৰাটো নিসন্দহে এক জটিল প্ৰশ্ন কাৰণ এই দুয়োটাই মনোবিজ্ঞানৰ ভিতৰুৱা বিষয়।কিন্তু এই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে বক্তাই কথাবাৰ্তাত ব্যৱহাৰ কৰা বাক্য এটা ‘কি কৈছে?’ সি গুৰুত্বপূৰ্ণ কথা নহয় ‘কেনেকৈ কৈছে?’ তাৰ ভিত্তিতহে বাক্যটোৰ সুৰলহৰ নিৰ্ভৰ কৰে। আৰু এই দৃষ্টিকোণৰ পৰাই বক্তাৰ মানসিক স্থিতি আৰু তেওঁৰ অভিব্যক্তি জানিবলৈ যত্ন কৰা হয়।
উদাহৰণস্বৰূপে,
(২৩) তোমাক পঢ়িবলৈ দিয়া নতুন পাঠটো শেষ কৰিলানে ?
এই বাক্যটোৰ সুৰলহৰৰ ওপৰত ভিত্তি কৰি আমি বক্তাৰ অন্তৰালৰ মনোভাবৰ উমান পাব পাৰোঁ ।
(২৪) তোমাক পঢ়িবলৈ দিয়া নতুন পাঠটো শেষ কৰিলানে ?

ইয়াত আৰোহী সুৰলহৰৰ ব্যৱহাৰ কৰাৰ ফলত প্ৰশ্নকৰ্তাৰ কৰ্তৃত্বভাৱৰ পৰিচয় পোৱা গৈছে । কিন্তু তলৰ বাক্যটোত দেখুওৱা অৱৰোহী সুৰলহৰে নম্ৰভাৱৰ উমান দিছে যিয়ে তেওঁৰ দয়ালু প্ৰকৃতিটোক প্ৰকাশ কৰাত সহায় কৰিছে।
(২৫) তোমাক পঢ়িবলৈ দিয়া নতুন পাঠটো শেষ কৰিলানে ?

আমি আগত সুৰ তৰংগৰ তাৰতম্যই কিদৰে কথাবাৰ্তাৰ ধাৰাবাহিক ক্ৰমৰক্ষাকাৰী স্থিতিৰ সালসলনি কৰে সেয়া উল্লেখ কৰিছো।যিহেতু বক্তা এজনৰ মন আৰু আনুভূতিক জগতৰ উমান সুৰলহৰৰ মাজতেই পাব পাৰোঁ; সেয়ে বক্তা এজনৰ মনোভাব বা আচৰণেও এনে স্থিতিৰ পৰিৱৰ্তন ঘটাব পাৰে।অৰ্থাৎ
অৱৰোহী সুৰলহৰে বক্তাৰ উদাসীন আৰু এক সৰ্বশেষ প্ৰকাশভংগী ফুটাই তোলাৰ বিপৰীতে আৰোহী সুৰলহৰে আকৌ ঔত্সুক্য মনৰ পৰিচয়ৰ লগতে এক ধাৰাবাহিক ক্ৰমৰক্ষাকাৰী স্থিতিৰ সৃষ্টি কৰে।একেদৰে মধ্য বা স্বৰিত সুৰলহৰে বক্তাৰ বিশেষ বৈচিত্ৰময় মনৰ পৰিচয় দিয়ে।
উদাহৰণস্বৰূপে,
(২৬) আপোনাৰ ভাল?
ভাল।

অৱৰোহী সুৰলহৰৰে দিয়া উত্তৰৰ মাজেৰে যথাযথ বা সৰ্বশেষ প্ৰকাশভংগী ফুটি উঠিছে।ই বাৰ্তালাপৰ যতি পেলাব পাৰে।
(২৭) আপুনি বৰুৱাক চিনি পায়নে?
অঁ! 

ইয়াত আকৌ আৰোহী সুৰলহৰে দিয়া সঁহাৰিয়ে এক উত্সাহৰ ভাব ফুটাই তুলিছে।যেন- হয়!পাওঁ।আপুনিও জানে তেখেতক....এই অৰ্থত।ই ধাৰাবাহিক বাৰ্তালাপত সহায় কৰে।
(২৮) চাৰ্টটো ভালনে?
হ য় ।

সুৰৰ ব্যাপ্তি ঘটাই আৰু স্বৰিত সুৰলহৰৰে দিয়া উত্তৰে বক্তাৰ এক অসম্পূৰ্ণ মনোভাবৰহে পৰিচয় ঘটায় (যেন, ভালেই কিন্তু...দামটোহে বেছি হ’ল....এই অৰ্থত)।
এনেদৰে সুৰৰ ওপৰত ভিত্তি কৰি বক্তা এজনৰ কথাবতৰাত তেওঁৰ আচৰণ,মনোভাৱ আদিৰ ভূ পোৱাৰ লগতে কথোপকথনৰ কাৰ্যকাৰিতা সম্পৰ্কেও মন্তব্য দিব পাৰি।
সামৰণি
সুৰলহৰৰ প্ৰক্ৰিয়া এক জটিল প্ৰক্ৰিয়া।মনকৰিবলগীয়া যে এই ভাষিক প্ৰক্ৰিয়াটো বক্তাসকলে প্ৰকৃতিগতভাৱেই আহৰণ কৰে। সুৰলহৰ সৃষ্টিৰ বেলিকা যদিও সুৰকেই প্ৰধানভাৱে গুৰুত্ব দিয়া হয় তথাপি সুৰলহৰৰ সৃষ্টিত কেইবাটাও অৰ্ন্তলীন ক্ৰিয়াই কাম কৰে। সেইবোৰৰ ভিতৰত-বক্তাৰ মানসিক স্থিতি,অনুভূতিৰ প্ৰাৱল্য,সমাজ-সাংস্কৃতিক প্ৰেক্ষাপট,আলংকাৰিক প্ৰয়োগ ইত্যাদি বিশেষভাৱে উল্লেখনীয়।
অসমীয়া ভাষাৰ সুৰলহৰৰ সম্পৰ্কে কৰা আমাৰ আলোচনা প্ৰধানতঃ সুৰলহৰৰ ভূমিকা আৰু ইয়াৰ প্ৰকাৰ্য তথা প্ৰকৃতিৰ ওপৰতে সীমাবদ্ধ। এই দিশৰ প্ৰতি লক্ষ্য ৰাখিয়েই অসমীয়া ভাষাৰ ব্যৱহাৰিক দিশত সুৰলহৰ কিদৰে পৰিস্ফুট হৈ উঠে তাক দেখুওৱাবলৈ যত্ন কৰা হৈছে। সুৰলহৰৰ স্তৰভেদৰ তাৰতম্য স্পেক্ট্ৰ’গ্ৰামৰ জৰিয়তেই জুখি উলিওৱা হয় যদিও অসমীয়া ভাষাৰ এনে গৱেষণাগাৰীয় ব্যৱহাৰিক অধ্যয়ন সম্প্ৰতি হৈ নুঠাৰ বাবে আমাৰ আলোচনাত ধ্বনি উচ্চাৰণৰ সূক্ষ্ম পৰ্যবেক্ষণৰ ভিত্তিতে ৰৈখিকভাৱে ৰূপায়ণৰ যত্ন কৰা হৈছে। স্বাভাবিকতেই প্ৰায়োগিক ধ্বনিত্ত্বৰ অধীনত গৱেষণাগাৰত অধ্যয়ন কৰিব লগা এক অনুৰ্বৰ ক্ষেত্ৰ পৰি আছে বুলি কলেও বঢ়াই কোৱা নহ’ব।
অতি সম্প্ৰতি ভাষাবিজ্ঞানী (linguist) আৰু ধ্বনিবিজ্ঞানীসকল (phoneticians)-ৰ লগতে মনোবিজ্ঞানীসকলেও (psycholinguists) সুৰলহৰৰ সম্পৰ্কে কৰা সচেতন অধ্যয়নৰ গুৰুত্বতা যথেষ্ট বৃদ্ধি পাইছে। ভাষাৰ অভিযন্তা বা বাক অভিযন্তা (speech engineers)-সকলেও যিসকলে ভাষাৰ বিভিন্ন কাৰিকৰী দিশৰ (যেনে-স্বয়ংক্ৰিয় বাক সংযোজন বা সংশ্লেষণ (automatic speech synthesis), যান্ত্ৰিক বাক স্বীকৃতি বা অভিজ্ঞান (speech recognition by machines) আদিৰ) ব্যৱহাৰ সম্পৰ্কে কাম কৰে তেওঁলোককো সুৰলহৰৰ কাৰ্যকাৰিতা প্ৰকৃতিয়ে মনোযোগ আকৰ্ষণ কৰা দেখা গৈছে। সাধাৰণতে দেখা যায় যে বিমান বন্দৰ,বাছ আস্থান,ৰেল আস্থান আদিত স্বয়ংক্ৰিয় বাক সংশ্লেষণৰ জৰিয়তে দিয়া ঘোষণাসমূহত সুৰলহৰৰ অভাৱৰ হেতু সেইবোৰ হাস্যকৰ হৈ পৰাৰ লগতে বহুসময়ত দুৰ্বোধ্য হৈ পৰে। আধুনিক বাক অভিযন্তাসকলৰ লগতে ভাষাৰ কাৰিকৰী দিশত কাম কৰা ব্যক্তিসকলে সেয়ে সুৰলহৰৰ ওপৰত সচেতনভাৱে নব্য অধ্যয়নৰ পোষকতা কৰিছে। ইয়াৰ মূলতেই এওঁলোকে স্বয়ংক্ৰিয় বাক সংশ্লেষণৰ জৰিয়তে ঘোষণা কৰিলেও কোনো বাক্য শ্ৰোতাই যাতে প্ৰাকৃতিক ভাষাৰ দৰেই কম আয়াসতে বুজিব পাৰে।
অসমীয়া সুৰলহৰৰ অধ্যয়নো এক বিশাল পৰিসৰৰ সম্ভাৱনাৰে পুষ্ট হৈ আছে। আমাৰ এই আলোচনাত অসমীয়া সুৰহৰৰ প্ৰকৃতিৰ পৰিচয়াত্মক আলোচনাৰ লগতে নব্য দিশ নিৰ্ধাৰণৰ প্ৰয়াস কৰা হৈছে। বহুধা বিভক্ত অসমীয়া ভাষাৰ সুৰলহৰৰ বিচিত্ৰতা, ঔপভাষিক ক্ষেত্ৰৰ প্ৰভাৱ,নৃগোষ্ঠীয় উপভাষাত সুৰলহৰৰ সঠিক জৰীপ তথা বিজ্ঞানসন্মত ব্যৱহাৰিক আলোচনাইহে এনে আলোচনা সম্পূৰ্ণ কৰি তুলিব। আশাকৰো সময়ৰ আহ্বানত প্ৰশিক্ষিত আৰু আগ্ৰহীজন এনে অধ্যয়নৰ বাবে আগবাঢ়ি আহিব।
**************
গ্ৰন্থপঞ্জীঃ
গোস্বামী, গোলোকচন্দ্ৰ। ধ্বনি-বিজ্ঞানৰ ভূমিকা। চতুৰ্থ সংস্কৰণ(পুনৰমুদ্ৰণ)। গুৱাহাটীঃ বীণা লাইব্ৰেৰী,২০০৮। প্ৰকাশিত।
শ’, রামেশ্বর । সাধারণ ভাষাবিজ্ঞান ও বাংলা ভাষা। তৃতীয় সংস্করণ। কলিকতাঃ পুস্তক বিপণি, ১৯৯৬। প্ৰকাশিত ।
Crystal, David. ‘Linearity’, A Dictionary of Linguistics and Phonetics. Sixth edition. Blackwell Publishing, 2008 print.
Varshney, RL. An Introductory Textbook of Linguistics and Phonetics. 16th. Bareilly: Student Home, 2008.
http://www.ling.cam.ac.uk/francis/FN_inton_prepub.pdf on 10th Nov,2011.
১ linearity বা ক্ৰমবদ্ধতা বা শাৰীবদ্ধতা হ’ল এক প্ৰক্ৰিয়া বিশেষ য’ত উচ্চাৰিত ধ্বনিসমূহক এক নিৰ্দিষ্ট ক্ৰমত সজাব পাৰি। দ্ৰষ্টব্যঃ শ’, রামেশ্বর । সাধারণ ভাষাবিজ্ঞান ও বাংলা ভাষা।তৃতীয় সংস্করণ। কলিকতাঃপুস্তক বিপণি, ১৯৯৬।পৃ.২২৮।প্ৰকাশিত আৰু Crystal, David. ‘Linearity’, A Dictionary of Linguistics and Phonetics. Sixth edition. Blackwell Publishing, 2008, Page no.281.print.
২ উপহিত ধ্বনিতত্ত্বত ব্যৱহাৰ হোৱা prosody-য়ে সুৰ,শ্বাসাঘাত,সন্ধি আদি সম্পৰ্কীয় সকলো কথাই সাঙুৰি লয়। দ্ৰষ্টব্যঃ Crystal, David. ‘Prosody’, A Dictionary of Linguistics and Phonetics. Sixth edition. Blackwell Publishing, 2008, Page no.393-394.print.
৩ আপেক্ষিক সুৰৰ বিশ্লেষণ আগবঢ়াবলৈ ব্যৱহাৰ কৰা প্ৰাক বৈদিক আৰু মাণ্ডাৰিয়ান চীন ভাষাৰ উদাহৰণকেইটা রামেশ্বর শ’ৰ ‘সাধারণ ভাষাবিজ্ঞান ও বাংলা ভাষা’ গ্ৰন্থৰ পৰা লোৱা হৈছে। দ্রষ্টব্য: শ’, রামেশ্বর। প্রাগুক্ত গ্রন্থ।পৃষ্ঠা নং-৩৪৩-৩৪৪।
৪ সুৰলহৰৰ স্তৰভেদৰ তাৰতম্য প্ৰকাশৰ ক্ষেত্ৰত স্পেক্ট্ৰ’গ্ৰাম (spectrogram)ৰ অবিহনেই ধ্বনি উচ্চাৰণৰ সূক্ষ্ম পৰ্যবেক্ষণৰ জৰিয়তে অনুমানৰ ভিত্তিতে ৰৈখিক ভাৱে উপস্থাপন কৰা হৈছে আৰু ইয়াত সুৰতৰংৰ ৰৈখিক উপস্থাপন (contours) পদ্ধতিৰ দৰে মাত্ৰাৰ উল্লেখ কৰি থকা হোৱা নাই।
Apunar likhoni moi follow Kori note bonalu ..thanks
ReplyDelete